Bishrut Saikia – Upohar

Bishrut Saikia – Upohar Lyrics Letra:

বুকুৰে মাজতে তুমি মন মোৰ
দিঠকত তুমি বহু দূৰ।
নিজৰাৰ দৰে তুমি আছা বৈ
সিৰে সিৰে মোৰ ৰক্ত হৈ,
একা বেকা জীৱন পথত
সান্তনা তুমি মনৰ।

ৰ’দালি আহে ডাৱৰ ফালি,
বৰষাৰ শেষত সেয়া তুমি নেকি?
তুমি মোৰ সেই কাহিনী,
আনে ফুৰে যি বিচাৰি।

দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
চাওঁ থমকি সকলো পাহৰি।
স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
মানুহে ইয়াকেই প্ৰেম বোলে নেকি?

কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ
পৰিব নিদিওঁ ভাঙি।
সময়ৰ পাতত ল’বা লিখি,
মোৰ এই মৰম তোমাৰ বুলি
তুমি যেন উপহাৰ এটি।

Lyricsbyletras.com

সুবাসে তোমাৰ সাৱটি যায়
অনুৰাগৰ দুবাহু জো্ৰাই।
খোজতে তোমাৰ চুলি নাচি যায়
নাচোনে আহি ৰিঙিয়াই।

কাষে কাষে খোজ মিলাই
হৃদয় নাচি, নাচি নাচি যায়।
আজি যতে থাকোঁ জীয়াই
মৰো তোমাতে সদায়।

শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই
পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়,
“পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক
কিমান ভাল পোৱা” ।।

দুচকুতে দুচকু থলে
লাজে চকু ঢাকি যায় ।
কেতিয়াবা তোমাক কন্দুৱাও যদি
ক্ষমা কৰি দিবা তুমি
তুমি যেন উপহাৰ এটি।।

Search music video on youtube:

    Descubra mais sobre LyricsByLetras

    Assine agora mesmo para continuar lendo e ter acesso ao arquivo completo.

    Continue reading